Latest: যাত্রীৰ অভাৱত গুৱাহাটী যোৰহাট জনশতাব্দী এক্সপ্রেছ অনির্দিষ্টকাললৈ বন্ধ

Latest: যাত্রীৰ অভাৱত গুৱাহাটী যোৰহাট জনশতাব্দী এক্সপ্রেছ অনির্দিষ্টকাললৈ বন্ধ

নিয়মীয়া বাৰ্তা,  ১৪ ছেপ্টেম্বৰঃ যাত্রীৰ অভাৱৰ বাবে উত্তৰ–পূব সীমান্ত ৰে’লৱে কর্তৃপক্ষই লকডাউন ঘোষণা কৰাৰ পিছত অসমত চলাচল কৰা প্রথমখন স্থানীয় দ্রুতগামী আৰু আৰামদায়ক ৰে’ল হিচাপে পৰিচিত গুৱাহাটী–যোৰহাট টাউন–গুৱাহাটী জনশতাব্দী এক্সপ্রেছখনৰ চলাচল ১২ ছেপ্টেম্বৰৰ পৰা অনির্দিষ্টকাললৈ বন্ধ ৰখাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷

উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ জনসম্পর্কৰক্ষী বিষয়া নৃপেন্দ্র ভট্টাচার্যই জানিবলৈ দিয়া মতে, দেওবাৰৰ বাহিৰে সপ্তাহৰ বাকী কেইদিনত জনশতাব্দী এক্সপ্রেছখন গুৱাহাটী আৰু যোৰহাটৰ মাজত চলাচল কৰিছিল৷ আনকি লকডাউন ঘোষণা কৰাৰ পিছত ৰে’লৱে কর্তৃপক্ষই অসমৰ ভিতৰত চলাচল কৰা এইখনেই আছিল প্রথম স্থানীয় ৰে’ল৷ কিন্তু ক’ভিডৰ সংক্রমণ বা আন কাৰণতেই হওক, ৰে’লখনত যাত্রীৰ সঁহাৰি নথকা বাবে কেইবাটাও দবাযুক্ত ৰে’লখন অতি সীমিতসংখ্যক যাত্রীক লৈ চলাচল কৰিবলগীয়া হৈছিল৷ যাৰ বাবে ৰে’লৱে কর্তৃপক্ষই ৰে’লখনৰ চলাচল বন্ধ ৰখাৰ সিদ্ধান্ত গ্রহণ কৰে৷

ইফালে, জনসম্পর্কৰক্ষী বিষয়া নৃপেন্দ্র ভট্টাচার্যই সদৰী কৰা অনুসৰি, ৰে’লৱে কর্তৃপক্ষই অসমৰ তিনিখন আৰু ত্রিপুৰাৰ পৰা এখনসহ মুঠ চাৰিখন দূৰণিবটীয়া এক্সপ্রেছ ৰে’ল ১২ ছেপ্টেম্বৰৰ পৰা চলাচল আৰম্ভ কৰিছে৷ ৰে’লকেইখন হ’ল ক্রমে ডিব্রুগড়–লালগড়–ড্ অবধ আছাম এক্সপ্রেছ (দৈনিক), ডিব্রুগড়–মৃতচৰ– এক্সপ্রেছ (সাপ্তাহিক), গুৱাহাটী–বাংগালুৰু–গ্ এক্সপ্রেছ (সাপ্তাহিক তিনি দিন) আৰু আগৰতলা–দেওবৰ–আগ্ এক্সপ্রেছ (সাপ্তাহিক)৷ ১০ ছেপ্টেম্বৰৰ পৰা ৰে’লকেইখনৰ আসন সংৰক্ষণৰ বাবে টিকটৰ বুকিং বা ৰিজার্ভেচন আৰম্ভ হৈছে৷

Source link

Follow and like us:
0
20

LEAVE A REPLY

Please enter your comment!
Please enter your name here