Latest: মন্ত্রী–বিধায়কসহ কোনেও নিজে পছন্দ কৰিব নোৱাৰিব সমষ্টি – নিয়মীয়া বাৰ্তা

Latest: মন্ত্রী–বিধায়কসহ কোনেও নিজে পছন্দ কৰিব নোৱাৰিব সমষ্টি – নিয়মীয়া বাৰ্তা

নিয়মীয়া বাৰ্তা,  ১৪ ছেপ্টেম্বৰঃ বিৰোধী দল কংগ্রেছে এ আই ইউ ডি এফ–বাঁওপন্থীকে ধৰি মহাজোঁট গঠন কৰি অহা বিধানসভা নির্বাচনত বিজেপিক উৎখাতৰ বাবে পৰিকল্পনা কৰি থকাৰ সময়তে ৰাজ্যত পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি দাবী কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে৷  হোজাইত সংবাদ মাধ্যমৰ আগত সভাপতি দাসে কয় যে অহা নির্বাচনত বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰিব৷ কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাই বিজেপিৰ কোনো ক্ষতি নকৰে বুলি উল্লেখ কৰি দাসে কয় যে সেই মিত্রতাৰ ফলত উজনি অসম আৰু উত্তৰ অসমত বর্তমান কংগ্রেছ আৰু এ আই ইউ ডি এফৰ দখলত থকা গোলাঘাট, মৰিয়নি, তিতাবৰ, সৰুপথাৰ, শিৱসাগৰ, ডুমডুমা আৰু নাওবৈচা সমষ্টিকেইটা এইবাৰ অনায়াসে বিজেপিয়ে দখল কৰিবলৈ সক্ষম হ’ব৷ এই প্রসংগতে তেওঁ কয় যে বর্তমান বিজেপি মিত্রজোঁটৰ ৮৭টা সমষ্টি আছে৷ বিজেপিৰ ৬০টা, অগপৰ ১৪টা, বি পি এফৰ ১২টা আৰু সহযোগী নির্দলীয় এটা সমষ্টি আছে৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই ইতিমধ্যে প্রকাশ কৰিছে যে এইবাৰ তেওঁলোকে মিত্রজোঁটৰ ১৫টা সমষ্টি লাভ কৰিব৷ সেয়া সম্ভৱ হ’লেও বিজেপি মিত্রজোঁটৰ হাতত ৭২টা সমষ্টি থাকিব৷ তদুপৰি উজনি অসম আৰু উত্তৰ অসমৰ পৰা নতুনকৈ লাভ কৰিবলগীয়া ৭টা সমষ্টিক ধৰিলে বিজেপি মিত্রজোঁটৰ হাতত ৭৯টা সমষ্টি থাকে৷

  দাসৰ স্পষ্ট কথা– ৰিপুণ বৰাৰ অংক মতেই ৰাজ্যত পুনৰ বিজেপি চৰকাৰ নিশ্চিত৷ সেইদৰে আছু, যুৱ–ছাত্র পৰিষদৰ উদ্যোগত গঠন হ’বলগীয়া নতুন দলেও বিজেপিৰ এটা ভোটো ক্ষতি কৰিব নোৱাৰে বুলি তেওঁ তাৎপর্যপূর্ণ মন্তব্য কৰে৷ সভাপতি দাসে আৰু কয় যে অহা জানুৱাৰী মাহলৈ বিজেপিয়ে প্রার্থী সম্পর্কত কোনো আলোচনা নকৰে৷ ইতিমধ্যে দলৰ আটাইকে জানুৱাৰী মাহলৈ সম্ভাব্য প্রার্থী সম্পর্কত কোনোধৰণৰ আলোচনা–বিলোচনা নকৰিবলৈ নির্দেশ দিয়া হৈছে৷ দলৰ কার্যকর্তাকে ধৰি পৃষ্ঠা প্রমুখ, বুথ আৰু মণ্ডলৰ কার্যকর্তাসকলক সংগঠন শক্তিশালী কৰাত আত্মনিয়োগ কৰিবলৈ নির্দেশ দিয়া হৈছে৷ দলৰ ৩.২০ লাখ পৃষ্ঠা প্রমুখক নতুনকৈ শক্তিশালী কৰাত গুৰুত্ব দিয়া হৈছে৷ বর্তমান ৰাজ্যখনত বিজেপিৰ ৪২ লাখ কার্যকর্তা আছে৷ প্রত্যেকগৰাকী কার্যকর্তাই নিজৰ ভোটৰ লগতে পৰিয়ালৰ বা বন্ধু–বান্ধৱৰ পৰা এটাকৈ ভোট সংগ্রহ কৰিলেও বিজেপিৰ ভোটৰ সংখ্যা ৮৪ লাখ হয়৷ যোৱা লোকসভা নির্বাচনত বিজেপিয়ে নিজাববীয়াকৈ প্রতিদ্বন্দ্বিতা কৰা ১০ সমষ্টিৰ মুঠ ৫৪ লাখ ভোট লাভ কৰিছে৷ মিত্রদলক এৰি দিয়া চাৰিটা সমষ্টিৰ ভোটৰ তথ্য ইয়াত ধৰা হোৱা নাই৷ বিধানসভা নির্বাচনত সর্বাধিক ডেৰ কোটি ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব৷ বিজেপিয়ে ৮৪ লাখ ভোট লাভ কৰিলে নিশ্চিতভাৱে পুনৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব৷

ইপিনে বর্তমানৰ বিজেপিৰ বহু বিধায়কে সমষ্টি সলনিৰ চিন্তা–চর্চা কৰা সম্পর্কত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত সভাপতি দাসে কয় যে বিজেপিত কোনেও নিজ ইচ্ছা মতে একো কৰিব নোৱাৰে৷ সকলো সিদ্ধান্ত দলে লয়৷ মন্ত্রী–বিধায়ক–কোনো কার্যকর্তাই নিজ ইচ্ছা অনুসৰি নির্বাচন খেলা–নেখেলাৰ বা ক’ত খেলিব, সেই সিদ্ধান্ত গ্রহণ কৰিব নোৱাৰে৷ নিজৰ উদাহৰণ দাঙি ধৰি তেওঁ কয় যে ২০১৬ চনত দলৰ চৰকাৰ অহাৰ সময়ত তেওঁক বিধানসভাৰ অধ্যক্ষৰ দায়িত্ব ল’বলৈ দিলে৷ ৭ মাহ পাছতেই তেওঁক দলে বিধানসভাৰ অধ্যক্ষৰ দায়িত্ব এৰি ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব গ্রহণ কৰিবলৈ দিলে৷ বিজেপিত সকলো সিদ্ধান্ত দলৰ সিদ্ধান্ত অনুসৰিয়েই হয়৷

Source link

Follow and like us:
0
20

LEAVE A REPLY

Please enter your comment!
Please enter your name here