Latest: বিশ্বনাথত স্ক্রীনিং চেণ্টাৰতে মৃত্যু ক’ভিড আক্রান্তৰ

Latest: বিশ্বনাথত স্ক্রীনিং চেণ্টাৰতে মৃত্যু ক’ভিড আক্রান্তৰ

নিয়মীয়া বাৰ্তা,  ১৪ ছেপ্টেম্বৰঃ ক’ৰোনাক সাধাৰণ জ্বৰ বা কাহ অথবা নাটক বুলি উপহাস কৰাসকল এইবাৰ সাৱধান হওক৷ কিয়নো সাধাৰণ পানীলগা চর্দি–কাহেই ঘাতক সাব্যস্ত হ’ব পাৰে যিকোনো মুহূর্ততে৷  বিশ্বনাথৰ তেনে এক ঘটনাৰ পৰিণতিত প্রাণ হেৰুৱালে এজন ক’ভিড–১৯ পজিটিভ ৰোগীয়ে৷ মিজিকা চাহ বাগিচাত কর্মৰত বর্জু নায়ক (৬৪) নামৰ ব্যক্তিজনে সময় মতে ক’ভিডৰ চিকিৎসা নোপোৱাৰ ফলতে প্রাণ হেৰুৱাব লগা হয়৷ ঘৰতে জ্বৰ–কাহ আদিৰ দৰব গ্রহণ কৰি আছিল বর্জু নায়কে৷ স্বাস্থ্যৰ অৱস্থা ক্রমাৎ বেয়াৰ ফালে ঢ়াল খোৱাত মিজিকা বাগিচাৰ হাস্পতালৰ পৰা  পুৱা বিশ্বনাথৰ জিলা স্ক্রীনিং চেণ্টাৰলৈ প্রেৰণ কৰা হয় বর্জুক৷

প্রথম অৱস্থাত কথা পাতি থকা বর্জুৰ ক্রমাৎ অক্সিজেনৰ লেভেল কমি আহে৷ ইতিমধ্যে ৰেপিড এণ্টিজেন টেষ্টত বর্জুৰ ক’ভিড–১৯ পজিটিভ হোৱাত চিকিৎসালয়লৈ নিবলৈ যো–জা কৰে যদিও ইতিমধ্যে বর্জুৰ মৃত্যু হয়৷

Source link

Follow and like us:
0
20

LEAVE A REPLY

Please enter your comment!
Please enter your name here