Latest: জনজাতিকৰণ আৰু মজুৰি বৃদ্ধিৰ দাবীত দুলীয়াজান আদিবাসী ছাত্ৰ সন্থাৰ চাইকেল ৰেলী

Latest: জনজাতিকৰণ আৰু মজুৰি বৃদ্ধিৰ দাবীত দুলীয়াজান আদিবাসী ছাত্ৰ সন্থাৰ চাইকেল ৰেলী

নিয়মীয়া বাৰ্তা, ১৪ ছেপ্টেম্বৰঃ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে দুলীয়াজান আঞ্চলিক সমিতিৰ উদ্যাগত অসমত বসবাস কৰা আদিবাসী জনগোষ্ঠীক জনজাতি কৰণ আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰাৰ দাবীত আজি চাইকেল ৰেলী কাৰ্যসূচীৰ যোগেদি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে । আঞ্চলিক সমিতিৰ সম্পাদক নিকলাছ উৰাং আৰু ডিব্ৰুগড় জিলা আদিবাসী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মনোজ উৰাঙে এই কাৰ্যসূচীৰ নেতৃত্ব দিয়ে । প্ৰতিবাদী সদস‍্যই ভাদৈ নগাজানৰ পৰা আৰম্ভ কৰি বকুলনী, নাওহলীয়া আৰু মধুটিং অঞ্চলৰ বাগিচাৰ মাজেৰে ৰেলী বাহিৰ কৰে । এই ৰেলীত বকুলনী উপশাখা সভাপতি সম্পাদক ক্ৰমে হাৰুন উৰাং আৰু অমৃত মুড়াৰ লগতে আঞ্চলিক উপশাখাৰ বিষয়ববীয়া সকল উপস্থিত হৈ বিজেপি চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গান দিয়ে ।

Source link

Follow and like us:
0
20

LEAVE A REPLY

Please enter your comment!
Please enter your name here