Latest: জোনাইত দুগৰাকী ব্যক্তি ক’ৰোনা ৰোগত আক্ৰান্ত হৈ মৃত্যু

Latest: জোনাইত দুগৰাকী ব্যক্তি ক’ৰোনা ৰোগত আক্ৰান্ত হৈ মৃত্যু

নিয়মীয়া বাৰ্তা, ১৪ ছেপ্টেম্বৰ : ধেমাজি জিলাৰ জোনাই মহকুমাত দেওবাৰে নিশা দুগৰাকী ব্যক্তি কভিড ১৯ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা ঘটনাই ৰাইজৰ মাজত আতংক সৃষ্টি কৰিছে| প্ৰাপ্ত তথ্য মতে জোনাই সদৰৰ নিকটৱৰ্তী মুৰ্কংচেলেক গাঁৱৰ নিবাসী তথা জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উচ্চ বৰ্গ সহায়ক নিলাম্বৰ মিলিয়ে( ৭০) বিগত কিছুদিন ধৰি চৰ্দি, জ্বৰ হৈ থকাত জোনাই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য পৰীক্ষা কৰি ক’ৰোণা পৰীক্ষা কৰাত পজিটিভ হোৱাত ডিব্ৰুগড়ত হস্তান্তৰ কৰি চিকিৎসা কৰিবলৈ লোৱাৰ সময়তে হঠাতে স্বাস্থ্য দ্ৰুত অৱনতি ঘটি নিশা প্ৰায় ৮ বজাত মৃত্যু হয়| ইফালে চিগা সন্তপুৰ গাঁৱৰ ললিত দলে ( ৪৩)নামৰ ব্যক্তি গৰাকী গাড়ী দুৰ্ঘটনা হোৱাৰ পৰিপ্ৰেক্ষিতত জোনাইত চিকিৎসা কৰিবলৈ আহি চিকিৎসকে ক’ৰোনা পৰীক্ষা কৰাত পজিটিভ ধৰা পৰে| পিছতে ললিত দলেকো ডিব্ৰুগড়ত উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰি চিকিৎসা কৰি থকাৰ সময়তে তেওঁৰো মৃত্যু ঘটে| দুয়োগৰাকী ক’ৰোনা ৰোগীৰ মৃতদেহ শেষকৃত আজি প্ৰশাসনৰ কভিড প্ৰটকল অনুসৰি পি পি ই কিট পৰিধান কৰি ৰাজহুৱা শ্মশানত সম্পন্ন কৰে৷  উল্লেখযোগ্য যে জোনাইত একেলগে দুগৰাকী ব্যক্তি ক’ভিড ১৯ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱাত জোনাই মহকুমাত ব্যপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে|

Source link

Follow and like us:
0
20

LEAVE A REPLY

Please enter your comment!
Please enter your name here