Latest: বোকাজানৰ খটখটীত পুনৰ চল্লিশ লক্ষাধিক টকাৰ হেৰই’ন জব্দ; তিনি সৰৱৰাহকাৰী আটক

Latest: বোকাজানৰ খটখটীত পুনৰ চল্লিশ লক্ষাধিক টকাৰ হেৰই’ন জব্দ; তিনি সৰৱৰাহকাৰী আটক

নিয়মীয়া বাৰ্তা, ১৪ ছেপ্তেম্বৰঃ অসম নগালেণ্ড সীমান্তৰ খটখটী আৰু ডিলাই থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত কিছুদিন ধৰি উপৰ্যুপৰি সন্দেহজনক ব্ৰাউন চুগাৰ আৰু হেৰই’ন জব্দ কৰি কাৰ্বি আংলং আৰক্ষীয়ে বৃহৎ সফলতা অৰ্জন কৰি আহিছে ৷ আজিও বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া জন দাস সহ বৰপথাৰ আৰক্ষী চক্ৰ বিষয়া ভূপেন কলিতা আৰু খটখটী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৌবলিক ব্ৰহ্মই চলোৱা এক অভিযানত আজি পুনৰ ৪৭ টা চাবোনৰ বাকছত ৬০০ গ্ৰাম সন্দেহজনক ব্ৰাউন চুগাৰ জব্দ কৰে যাৰ আনুমানিক মূল্য ৪০ লাখ টকা বুলি আৰক্ষীৰ সুত্ৰে প্ৰকাশ ৷মহকুমা আৰক্ষী বিষয়া গৰাকীয়ে সংবাদ মাধ্যমক জনোৱা মতে গোপন সু্ত্ৰৰ ভিত্তিত আৰক্ষীয়ে খটখটী ডিমাপুৰ সংযোগী পথৰ কালিৰাম বস্তিত স্থাপন কৰা তাৎক্ষণিক তালাচীত ডিমাপুৰ দিশৰ পৰা আহি থকা AS02BC3754 নম্বৰৰ এখন টাটা ডিআই গাড়ী তালাচী চলাওঁতে উক্ত বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি উদ্ধাৰ কৰে৷আৰক্ষীয়ে উক্ত ড্ৰাগছৰ লগতে আটক কৰে তিনি সৰৱৰাহকাৰীক ৷

আটকাধীন কেইজন হল ক্ৰমে মৈৰাবাৰীৰ আমজাদ আলী ,ধিংৰ মোজামিল আলি আৰু নুনমাটিৰ মনোৰোদ্দিন৷ আৰক্ষীয়ে উক্ত সৰৱৰাহ কাৰ্যত ব্যৱহৃত NL07R4988 নম্বৰৰ এখন বাইকো জব্দ কৰে ৷ উল্লেখযোগ্য যে ধৃত তিনিজনৰ এজনে বাইকেৰে আৰক্ষীৰ চালচলন পৰ্যৱেক্ষণ কৰিছিল যদিও সাধাৰণ পোছাকত থকা আৰক্ষীৰ অৱস্থিতি নিশ্চিত কৰিব নোৱৰি জালত পৰে ৷ সম্প্ৰতি আৰক্ষীয়ে সৰৱৰাহকাৰী কেইটাক জেৰা অব্যাহত ৰাখিছে ৷উল্লেখযোগ্য যে আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা বৰ্তমানৰলৈকে বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত খটখতি আৰু ডিলাই আৰক্ষীয়ে দুই কেজি ছশ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে দহ জনতকৈ অধিক সৰবৰাহকাৰিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।আৰক্ষীৰ এই প্ৰচেষ্টাক স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰিছে আৰু আগলৈও এনেদৰে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিবলৈ অনুৰোধ জনাইছে।

Source link

Follow and like us:
0
20

LEAVE A REPLY

Please enter your comment!
Please enter your name here