Latest: ছত্রঙৰ জলপ্রলয়ত জলবন্দী গহপুৰ নগৰবাসী

Latest: ছত্রঙৰ জলপ্রলয়ত জলবন্দী গহপুৰ নগৰবাসী

নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ   গহপুৰ নগৰবাসীৰ বাবে চকুলোত পৰিণত হোৱা ছত্রং নৈৰ বাঢ়নী পানীৰ উপর্যুপৰি তাণ্ডৱত সম্প্রতি জলবন্দী হৈ পৰিছে নগৰবাসী৷ গহপুৰ নগৰৰ সোঁমাজেৰে বৈ যোৱা খৰস্রোতা পাহাৰীয়া ছত্রঙৰ বাঢ়নী পানীয়ে একাধিকবাৰ নগৰখনত জল প্রলয় সৃষ্টি কৰি নগৰবাসীৰ বিস্তৰ ক্ষতি কৰাৰ পাছত শেহতীয়াকৈ যোৱানিশাৰে পৰা কালৰূপ ধাৰণ কৰা বাঢ়নী পানীয়ে পুনৰ তাণ্ডৱ সৃষ্টি কৰে৷ ছত্রঙৰ লগতে নগৰখনৰ মাজেৰে বৈ যোৱা আন এখন নদী কুকুৰজানৰ বাঢ়নী পানীয়ে শেহতীয়াকৈ নগৰখনৰ দুই, চাৰি আৰু ছয় নং ৱার্ডৰ একাংশ বাসগৃহৰ লগতে দোকান গৃহৰ বিস্তৰ ক্ষতি কৰে৷ ছত্রঙৰ বাঢ়নী পানীয়ে মথাউৰি ছিঙি ছয় নং ৱার্ডৰ খগেন ঠাকুৰীয়া নামৰ লোকজনৰ বাসগৃহটো সম্পূর্ণৰূপে বিধ্বস্ত কৰি পেলায়৷ উল্লেখ্য যে গহপুৰ নগৰত সাধাৰণ ফল–মূলৰ দোকান দি কোনোমতে পৰিয়াল পোহপাল দি অহা তথা জটিল ৰোগত আক্রান্ত ঠাকুৰীয়া কেইদিনমান পূর্বে চিকিৎসালয়ৰ পৰা আহিছিল৷ আনহাতে, নৈখনৰ বাঢ়নী পানীৰ তীব্র সোঁতে নগৰখনৰ মাজমজিয়াত ১৫নং ৰাষ্ট্রীয় ঘাইপথৰ ওপৰত থকা পকী দলংখনৰ প্রতিও ভাবুকিৰ সৃষ্টি কৰিছে৷ অৰুণাচল প্রদেশৰ পাহাৰত এজাক বৰষুণ দিলেই নগৰখনত সঘনাই সৃষ্টি হোৱা এনে ধৰণৰ প্লাৱণে ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰাৰ আশংকা নুই কৰিব নোৱাৰি৷ বিগত প্রায় এটা দশক ধৰি প্রতিটোবর্ষা ঋতুতে গহপুৰ নগৰত ছত্রং নৈৰ লগতে কুকুৰজান নৈৰ তাণ্ডৱ চলি আহিছে যদিও আজিকোপতি চৰকাৰৰ সংশ্লিষ্ট কর্তৃপক্ষই বিজ্ঞানসন্মতভাৱে নৈৰ মথাউৰি নির্মাণ কৰি নগৰবাসীক বানৰ তাণ্ডৱৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম নহ’ল৷ ছত্রং নৈৰ মথাউৰি নির্মাণৰ নামত কোটি কোটি টকা ইতিমধ্যে ব্যয় কৰা হৈছে যদিও আজিলৈকে জলসম্পদ বিভাগে নিয়ন্ত্রণ কৰিব পৰা নাই ছত্রং নৈৰ বাঢ়নী পানীৰ তাণ্ডৱ৷

Source link

Follow and like us:
0
20

LEAVE A REPLY

Please enter your comment!
Please enter your name here